52 অধ্যায়
1 হে চিয়োন, সজাগ হোৱা, সজাগ হোৱা, তোমালোকৰ শক্তি তুলি ধৰা;
হে পবিত্ৰ নগৰ যিৰূচালেম, তোমালোকৰ সুন্দৰ বস্ত্ৰবোৰ পিন্ধা;
কাৰণ পুনৰ কেতিয়াও চুন্নৎ নোহোৱা বা অশুচি লোক তোমালোকৰ মাজত নোসোমাব।
2 হে যিৰূচালেম, ধূলিৰ পৰা তোমালোকে নিজকে জোকাৰি দিয়া;
উঠি বহা; হে বন্দী-অৱস্থাত থকা হে চিয়োনৰ বন্দী জীয়াৰী, তোমালোকৰ ডিঙিৰ পৰা শিকলি খুলি দিয়া।
3 কাৰণ যিহোৱাই এই কথা কৈছে, “তোমালোক বিনামূল্যে বেচা গৈছিলা, আৰু তোমালোক বিনামূল্যে মুক্ত হবা।”
4 কাৰণ প্ৰভু যিহোৱাই এই কথা কৈছে, আগত মোৰ লোকসকল মিচৰলৈ অস্থায়ীভাবে বাস কৰিবলৈ গৈছিল;
কিছু দিনৰ আগত অচূৰীয়া সকলে তেওঁলোকক উপদ্ৰৱ কৰিছিল।
5 এইয়া যিহোৱাৰ ঘোষনা: “মই দেখিলোঁ যে মোৰ লোক সকলক বিনা কাৰণে লৈ যোৱা হৈছে, এতিয়া ইয়াত মোৰ কৰিবলৈ কি আছে? যি সকলে তেওঁলোকৰ ওপৰত শাসন কৰিছিল তেওঁলোকে নিন্দা* বিলাপ কৰিছে, আৰু গোটেই দিন অবিৰাম ভাবে মোৰ নাম নিন্দিত হৈছে।”
6 সেইবাবেই মোৰ লোকসকলে মোৰ নাম জানিব;
তেওঁলোকে সেই দিনা জানিব যে মইয়ে সেই জন যি জনে এই কথা কৈছোঁ। হয় মইয়ে।”
7 যিজন বার্তাবাহকে শুভবাৰ্ত্তা আনে,
যিজনে শান্তি প্ৰচাৰ কৰে, যিজনে মঙ্গলৰ শুভবাৰ্ত্তা আনে, যিজনে পৰিত্ৰাণ ঘোষণা কৰে,
যিজনে চিয়োনক কয়, “তোমালোকৰ ঈশ্বৰে ৰাজত্ব কৰিছে!” সেই জনৰ চৰণ পৰ্ব্বতৰ ওপৰত কেনে সুন্দৰ!
8 শুনা, তোমালোকৰ প্ৰহৰীসকলে তেওঁলোকৰ মাত উচ্চ কৰিছে; একেলগে তেওঁলোকে জয়-ধ্বনি কৰিছে;
কাৰণ যিহোৱা চিয়োনলৈ ঘুৰি অহা, তেওঁলোকে, তেওঁলোকৰ প্রতেক চকুৱে দেখিবলৈ পাব।
9 যিৰূচালেমৰ উচ্ছন্ন লোকসকল, একেলগে গানেৰে আনন্দত উল্লাস কৰা,
কাৰণ যিহোৱাই তেওঁৰ লোকসকলক শান্ত্বনা দিলে, তেওঁ যিৰূচালেমক মুক্ত কৰিলে।
10 যিহোৱাই সকলো জাতিৰ দৃষ্টিতে তেওঁৰ পবিত্ৰ বাহু অনাবৃত কৰিলে;
সমগ্র পৃথিবীয়ে আমাৰ ঈশ্বৰৰ পৰিত্ৰাণ দেখিবলৈ পাব।
11 তোমালোকে এৰি যোৱা, এৰিযোৱা; তাৰ পৰা ওলাই যোৱা, কোনো অশুচি বস্তু নুচুবা;
তাৰ মাজৰ পৰা ওলাই যোৱা; তোমালোক যিসকলে যিহোৱাৰ পাত্ৰ কঢ়িয়াইছা, নিজকে শুচি কৰা।
12 কাৰণ তোমালোক বেগাবেগিকৈ ওলাই যাব লগা নহব, নাইবা আতঙ্ককত এৰি যাব লগা নহব;
কাৰণ যিহোৱা তোমালোকৰ আগে আগে যাব, আৰু ইস্ৰায়েলৰ ঈশ্বৰ তোমালোকৰ পাছত যাওঁতা হ’ব।
13 চোৱা, মোৰ দাসবোৰে জ্ঞানেৰে কাৰ্য কৰিব আৰু কৃতকার্য হ’ব;
তেওঁ উচ্চস্থানত আৰু উন্নীত হ’ব; তেওঁ অধিক মর্যদাপূর্ণ হ’ব।
14 তেওঁৰ আকৃতিতকৈ তেওঁৰ আকৃতি ইমান বিকৃত আছিল যে,
সেয়ে মানুহৰ অবস্থাতকৈ তেওঁৰ দৃশ্য ব্যতিক্রমি আছিল-
সেয়ে অনেকে আপোনালৈ ভয় কৰিছিল-
15 সেয়ে তেওঁ অনেক দেশবাসীক সচকিত কৰিব; তেওঁৰ কাৰণে ৰজাসকলে তেওঁলোকৰ মুখ বন্ধ ৰখিব।
যি কথা তেওঁলোকক কোৱা হোৱা নাছিল, তেওঁলোকে দেখিবলৈ পাব, আৰু যি শুনা নাছিল, তেওঁলোকে বুজিব পাৰিব।