5 অধ্যায়
চলোমনে মন্দিৰ প্ৰতিষ্ঠা কৰা৷
1 এইদৰে যিহোৱাৰ গৃহৰ বাবে চলোমনে কৰা সকলো কাৰ্য সমাপ্ত হ’ল। পাছত চলোমনে তেওঁৰ পিতৃ দায়ূদে উৎসৰ্গ কৰি দিয়া ৰূপ, সোণ আৰু পাত্ৰ আদি আটাই বস্তু অনাই ঈশ্বৰৰ গৃহৰ ভঁৰালত হ’ল।
2 তাৰ পাছত চলোমনে দায়ূদৰ নগৰ সেই চিয়োনৰ পৰা যিহোৱাৰ নিয়ম-চন্দুকটি আনিবৰ কাৰণে ইস্ৰায়েলৰ বৃদ্ধসকলক, ফৈদৰ মুখীয়ালসকলক আৰু ইস্ৰায়েলৰ সন্তান সকলৰ পিতৃ-বংশৰ অধ্যক্ষসকলক যিৰূচালেমত গোট খুৱালে। 3 তাতে সপ্তম মাহত উৎসৱৰ সময়ত ইস্ৰায়েলৰ সকলো লোকে ৰজাৰ ওচৰলৈ আহি গোট খালে।
4 তাতে ইস্ৰায়েলৰ সকলো বৃদ্ধলোক আহিল আৰু লেবীয়াসকলে নিয়ম-চন্দুকটি তুলি ল’লে। 5 তেওঁলোকে নিয়ম চন্দুক, সাক্ষাৎ কৰা তম্বু আৰু তম্বুৰ ভিতৰত থকা সকলো পবিত্ৰ বস্তু ল’লে৷ এই সকলো বস্তু লেবীয়া ফৈদৰ পুৰোহিতসকলে লৈ আনিলে। 6 তাতে চলোমন ৰজাই, তেওঁৰ ওচৰত গোট খোৱা ইস্ৰায়েলৰ গোটেই মণ্ডলীৰ সৈতে নিয়ম-চন্দুকৰ আগত ভেড়া, গৰু আদি বলিদান কৰি আছিল; সেয়ে বাহুল্যৰ কাৰণে অসংখ্য আৰু অগণ্য আছিল।
7 পাছত পুৰোহিতসকলে যিহোৱাৰ নিয়ম-চন্দুকটি গৃহৰ অন্তঃস্থানলৈ অৰ্থাৎ মহা পবিত্ৰ স্থানলৈ লৈ গৈ কৰূব দুটাৰ ডেউকাৰ তলত তাৰ নিজ ঠাইত স্থাপন কৰিলে। 8 কিয়নো কৰূব দুটাই নিয়ম-চন্দুকৰ ওপৰত ডেউকা মেলি আছিল আৰু দুটাই চন্দুকটি আৰু তাৰ কঢ়িওৱা কানমাৰিবোৰ ঢাকি ধৰিছিল।
9 সেই দুডাল কানমাৰি ইমান দীঘল আছিল, যে তাৰ মূৰ অন্তঃস্থানৰ আগত পবিত্ৰ স্থানৰ পৰা দেখা যায় কিন্তু তাক বাহিৰৰ পৰা দেখা নাযায়৷ সেয়ে আজিলৈকে সেই ঠাইত আছে। 10 মিচৰৰ পৰা ইস্ৰায়েলৰ সন্তান সকলে ওলাই অহা কালত, যিহোৱাই তেওঁলোকে সৈতে এটি নিয়ম-চুক্তি পতা সময়ত, হোৰেব পৰ্ব্বতত মোচিয়ে চন্দুকটিৰ ভিতৰত যি দুখন ফলি ৰাখিছিল, তাৰ বাহিৰে তাত আৰু একো নাছিল।
11 পাছত পুৰোহিতসকল সেই পবিত্ৰ স্থানৰ পৰা ওলাই আহিল৷ উপস্থিত হোৱা পুৰোহিতসকলে নিজকে পবিত্ৰ কৰিছিল; তেওঁলোকে নিজকে আন দলৰ পৰা পৃথক কৰি ঈশ্বৰে তেওঁৰ পৰিচৰ্যা কৰিবলৈ তেওঁলোকক বিচৰা আগতে তেওঁলোকে নিজকে আনুষ্ঠানিক ভাবে পবিত্ৰকৰণ কৰিছিল৷ 12 আৰু যি লেবীয়াসকলৰ গায়ক আছিল, তেওঁলোক অৰ্থাৎ আচফ, হেমন, যিদূথূন আৰু তেওঁলোকৰ পুত্ৰ ও ভাইসকল সকলোৱে মিহি শণ সূতাৰ বস্ত্ৰ পিন্ধি, হাতত তাল, নেবল আৰু বীণা লৈ, যজ্ঞবেদীৰ পূব ফালে থিয় হৈ আছিল৷ তেওঁলোকৰ লগত এশ বিশ জন পুৰোহিতে থাকি তুৰী বজাই আছিল।
13 তুৰীবাদক আৰু গায়কসকলে যিহোৱাৰ প্ৰশংসা আৰু ধন্যবাদ কৰোঁতে একেটা ধ্বনি কৰি সকলোৱে এজন মানুহে বজোৱাদি বজালে৷ তেওঁলোকে তুৰী ও তাল আদি বাদ্যেৰে সৈতে, মহা শব্দেৰে যিহোৱাৰ প্ৰশংসা কৰিলে, বোলে “কিয়নো যিহোৱা মঙ্গলময় সেই বাবে তেওঁৰ দয়া চিৰকাললৈকে থাকে৷” তেতিয়া সেই গৃহ অৰ্থাৎ যিহোৱাৰ গৃহ মেঘেৰে পৰিপূৰ্ণ হ’ল৷ 14 সেই মেঘৰ কাৰণে পুৰোহিতসকলে পৰিচৰ্যা কৰিবৰ অৰ্থে থিয় হ’ব নোৱাৰা হ’ল, কিয়নো ঈশ্বৰৰ গৃহ যিহোৱাৰ প্ৰতাপেৰে পৰিপূৰ্ণ আছিল।