23 অধ্যায়
তূৰৰ বিষয়ে ঘোষণা।
1 তূৰৰ বিষয়ে কৰা ঘোষণা:
হে তৰ্চীচৰ জাহাজবিলাক, হাহাকাৰ কৰা; কিয়নো ঘৰ কি সোমোৱা বাট একোৱেই নাই;
কিত্তীম দেশৰ পৰা তেওঁলোকলৈ ইয়াক প্ৰকাশ কৰা হ’ল।
2 হে দ্বীপ-নিবাসীসকল, তোমালোক নিমাত হৈ থাকা;
চীদোনীয়া বণিকসকল সমুদ্ৰ পাৰ হৈ আহি তোমাক যোগান ধৰিছিল।
3 চীহোৰৰ উৎপন্ন দ্ৰব্য মহাজলত আছিল,
নীল নদীৰ শস্য তাৰ আয় হৈছিল; আৰু সেয়ে দেশবাসীসকলৰ বজাৰ কৰা ঠাই আছিল।
4 হে চীদোন, তুমি লজ্জিত হোৱা; কিয়নো সাগৰে কৈছে, সমুদ্ৰৰ দৃঢ় কোঁঠে কৈছে,
“মই প্ৰসৱ কৰা নাই, মই সন্তান জন্ম দিয়া নাই,
মই ডেকাসকলক প্ৰতিপালন কৰা নাই, নাইবা যুৱতীসকলক ডাঙৰ দীঘল কৰা নাই।”
5 যেতিয়া বাৰ্ত্তা মিচৰ দেশলৈ আহিব, তেতিয়া তেওঁলোক তূৰৰ বিষয়ে অতিশয় দুখিত হ’ব।
6 তোমালোকে তৰ্চীচলৈ পাৰ হৈ যোৱা, হে দ্বীপ নিবাসীসকল, হাহাকাৰ কৰা।
7 হে উল্লাস কৰা নগৰ তোমাৰ সৈতে এইদৰে হ’ল নে? যাৰ উৎপত্তি প্ৰাচীন কালৰ পৰা আছে।
8 যাৰ বনিকসকল ৰাজপুত্র, যাৰ বেপাৰীসকল পৃথিৱীৰ মান্যৱন্ত লোক,
সেই ৰাজমুকুট দিয়া তূৰ নগৰৰ বিৰুদ্ধে কোনে এই কল্পনা কৰিলে?
9 বাহিনীসকলৰ যিহোৱাই তেওঁৰ অহংকাৰ অমৰ্যাদা কৰিবলৈ,
আৰু তেওঁৰ সকলো গৌৰৱ, আৰু পৃথিৱীৰ মান্যৱন্ত লোকক অপমানিত কৰিবলৈ পৰিকল্পনা কৰিছে।
10 হে তৰ্চীচ জীয়াৰী নীল নদীৰ দৰে তোমালোক দেশত হাল বোৱা; তোমাৰত বহু দিনলৈকে বজাৰৰ ঠাই নাই।
11 যিহোৱাই সমুদ্ৰৰ ওপৰত নিজৰ হাত মেলিলে, তেওঁ ৰাজ্যবোৰ জোকাৰিলে,
যিহোৱাই কনান* আন নাম ফ’নেইচিয়াৰ বিষয়ে তাৰ দুৰ্গবোৰ বিনষ্ট কৰিবলৈ আজ্ঞা দিলে।
12 তেওঁ ক’লে, “চীদোনৰ নিৰ্যাতিতা কুমাৰী জীয়াৰী, তুমি আৰু উল্লাস নকৰিবা,
উঠা, কিত্তীমলৈ পাৰ হৈ যোৱা; কিন্তু তাতো তুমি জিৰণি নাপাবা।
13 কলদীয়া† আন নাম বেবিলনসকলৰ দেশ চোৱা; সেই লোকসকল আৰু নাই; অচূৰীয়া লোকে বনৰীয়া জন্তুৰ বাবে ইয়াক আৰণ্য নিৰূপণ কৰিলে;
সিহঁতে আক্ৰমণ কৰিবৰ অৰ্থে ওখ দ’ম স্থাপন কৰিলে; সিহঁতে তাৰ অট্টালিকাবোৰ ধ্বংস কৰিলে; সিহঁতে তাক ভগ্নৰাশি কৰিলে।
14 হে তৰ্চীচৰ জাহাজবিলাক, হাহাকাৰ কৰা; কিয়নো তোমালোকৰ আশ্ৰয় উচ্ছন্ন হ’ল।
15 সেই সময়ত, ৰজাৰ ৰাজত্বকাল দৰে তূৰ নগৰক সত্তৰ বছৰ পহৰা যাব; সত্তৰ বছৰৰ পাছত তূৰ নগৰৰ দশা বেশ্যাৰ গীতৰ দৰে হ’ব।
16 “হে বিস্মৃতা বেশ্যা, বীণা লৈ নগৰ খন ফূৰা;
তোমাৰ স্মৰণ ৰাখিবৰ বাবে মনোহৰ বাদ্য বজোৱা, অনেক গীত গোৱা।”
17 সত্তৰ বছৰৰ পাছত যিহোৱাই তূৰক সহায় কৰিব; আৰু তেওঁ নিজৰ লাভ জনক ব্যৱসায় পুনৰায় কৰিব, আৰু ৰাজ্যৰ সকলোতে আৰু পৃথিৱীৰ সকলো ৰাজ্যে সৈতে বেশ্যা কৰ্ম কৰিব। 18 তেওঁৰ উপাৰ্জন আৰু আয় যিহোৱাৰ উদ্দেশ্যে ৰখা হ’ব; সেয়ে ভঁৰালত গোটাই থোৱা বা সাঁচি ৰখা নহ’ব; কিয়নো তেওঁৰ উপাৰ্জন যিহোৱাৰ সন্মুখত বাস কৰাসকলৰ অৰ্থে যথেষ্ঠ পৰিমাণে খাবৰ বাবে আৰু সুন্দৰ বস্ত্ৰৰ বাবে ব্যৱহাৰ হ’ব।