14 অধ্যায়
প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ ৰচিত গীত।
1 এজন অজ্ঞানীয়ে, তেওঁৰ অন্তৰত কয়, “ঈশ্বৰ বুলি কোনো নাই।”
তেওঁলোক ভ্রষ্ট হৈছে, তেওঁলোকে জঘন্য কার্যবোৰ কৰে;
তেওঁলোকৰ মাজত সৎ কার্য কৰোঁতা কোনো নাই;
2 যিহোৱাই স্বর্গৰ পৰা তললৈ মানুহৰ ফালে লক্ষ্য কৰি থাকে;
তেওঁ চাব বিচাৰে, প্রকৃতার্থত কোনো জ্ঞানী আছে নে নাই;
তেওঁ চাব বিচাৰে, ঈশ্বৰক বিচাৰা কোনো জ্ঞানী আছে নে নাই।
3 তেওঁ দেখিলে, সকলোৱেই অপথে গ’ল;
সকলো উচ্ছৃঙ্খল হ’ল;
সৎকৰ্ম কৰোঁতা কোনো নাই, এজনো নাই।
4 যিসকলে দুষ্টতাৰ কার্য কৰে, তেওঁলোক কি ইমানেই জ্ঞানশূন্য যে,
মানুহে নিজৰ আহাৰ খোৱাৰ নিচিনাকৈ তেওঁলোকে মোৰ লোকসকলক খাই পেলায় আৰু
তেওঁলোকে যিহোৱাৰ ওচৰত প্ৰাৰ্থনাও নকৰে?”
5 ঈশ্বৰ তেওঁৰ ভক্তসকলৰ সঙ্গত থাকে।
সেয়ে সেই লোকসকল তাত ভীষণ ভয়ৰ মাজত থাকিব।
6 দুষ্টতাৰ কার্য কৰা যি তোমালোক,
তোমালোকে দুখীয়াৰ পৰিকল্পনা ব্যৰ্থ কৰিবা,
কিন্তু যিহোৱা তেওঁলোকৰ আশ্ৰয়।
7 অহ! ইস্রায়েলৰ উদ্ধাৰ চিয়োনৰ মাজৰ পৰা আহক!
যিহোৱাই যেতিয়া তেওঁৰ লোকসকলৰ অৱস্থা পুনৰ পৰিবর্তন কৰিব,
তেতিয়া যাকোবৰ বংশই আনন্দ কৰিব;
ইস্রায়েলীয়াসকল উল্লাসিত হ’ব।