16 অধ্যায়
মিকটাম নামৰ দায়ুদৰ ৰচিত গীত।
1 হে ঈশ্বৰ, তুমি মোক ৰক্ষা কৰা,
কিয়নো মই তোমাতেই আশ্ৰয় লৈছোঁ।
2 মই যিহোৱাক ক’লোঁ, “তুমিয়েই মোৰ প্ৰভু;
তোমাৰ বাহিৰে মোৰ আন কতো মঙ্গল নাই।”
3 পৃথিবীত যি সকল পবিত্ৰ লোক থাকে তেওঁলোক মহান;
তেওঁলোকৰ ওপৰতে মোৰ আনন্দ সম্পূৰ্ণ হয়।
4 যিসকলে আন দেৱতাক মনোনীত কৰে,
তেওঁলোকৰ অধিক যাতনা হ’ব,
তেওঁলোকৰ দেৱতাৰ উদ্দেশ্যে অনা তেজৰ যি পেয় নৈবেদ্য, মই তাক উৎসৰ্গ নকৰিম;
দেৱতাৰ নামো মোৰ ওঁঠত নলম।
5 যিহোৱা, তুমিয়েই মোৰ আধিপত্যৰ মনোনীত ভাগ আৰু মোৰ পান-পাত্র;
মোৰ ভৱিষ্যত তোমাৰ হাততে আছে।
6 মোৰ সীমাৰ মাজত যি ঠাই পৰিছে, সেয়ে মনোহৰ ঠাই,
অৱশ্যেই মোৰ এক মনোমোহা আধিপত্য আছে।
7 যি জনাই মোক সুবুদ্ধি দিয়ে, মই সেই যিহোৱাৰ ধন্যবাদ কৰিম;
ৰাতিও মোৰ হৃদয়ে মোক শিক্ষা দিয়ে।
8 মই যিহোৱাক সদায় মোৰ সন্মূখত ৰাখোঁ;
তেওঁ মোৰ সোঁহাতে থকাত মই অস্থিৰ নহম।
9 এই কাৰণে মোৰ মন আনন্দেৰে ভৰা,
মোৰ হৃদয়ে উল্লাস কৰে;
মোৰ শৰীৰ নিৰাপদে থাকিব।
10 কিয়নো তুমি মোৰ প্ৰাণ চিয়োলত ত্যাগ নকৰিবা,
তোমাৰ ভক্তজনক গাতত ক্ষয় পাবলৈ নিদিবা।
11 তুমি মোক জীৱনৰ পথ শিকাইছা;
তোমাৰ উপস্থিতিত আছে পৰিপূর্ণ আনন্দ;
তোমাৰ সোঁ-হাতত আছে অনন্ত সুখ।