64 অধ্যায়
প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ূদৰ ৰচিত গীত।
1 হে ঈশ্বৰ, মোৰ অভিযোগবোৰৰ কথা কওঁতে মোৰ মাত শুনা;
শত্রুৰ ভয়ৰ পৰা মোৰ জীৱন ৰক্ষা কৰা।
2 দুষ্টবোৰৰ ষড়যন্ত্ৰৰ পৰা মোক লুকুৱাই ৰাখা;
দুৰাচাৰীবিলাকৰ মানসিক উত্তেজনাৰ অপৰাধবোৰৰ পৰা মোক গুপুতে ৰাখা।
3 তেওঁলোকে তৰোৱাল ধৰোঁৱাদি নিজৰ জিভা ধৰাইছে;
তেওঁলোকে তিক্ততাপূর্ণ কথাৰ ধনুকাঁড় জুৰিছে।
4 নির্দোষী জনক গুপুতে মাৰিবলৈ নিজৰ কাঁড় জুৰিছে;
তেওঁলোকে তালৈ অকস্মাতে বাণ মাৰে, ভয় নকৰে।
5 সিহঁতে কুমন্ত্ৰণাত নিজক উৎসাহ দিয়ে;
গুপুতে ফান্দ পতাৰ বিষয়ে কথা পাতে;
সিহঁতে কয়, “এই আমাক* বস্তুবোৰ কোনে দেখিব?”
6 তেওঁলোকে কু-পৰিকল্পনাৰ বিষয়ে আলোচনা কৰে;
তেওঁলোকে কয়, “আমি ভালকৈ ভাবি-চিন্তি কল্পনা কৰি থৈছোঁ।”
প্ৰত্যেকৰ আন্তৰিক ভাব আৰু হৃদয় গভীৰ।
7 কিন্তু ঈশ্বৰে তেওঁলোকক আহত কৰিব;
অকস্মাতে কাঁড়ৰ দ্বাৰাই আঘাত কৰিব।
8 তেওঁলোকে অন্যায় কাম কৰাৰ কাৰণে, তেওঁলোকৰ জিভা তেওঁলোকৰ বিৰোধী হ’ল।
যি সকলে তেওঁলোকক অস্থিৰ হোৱা দেখিব;
তেওঁলোক সকলোৱে তাকে দেখি মূৰ জোকাৰিব।
9 তেওঁলোক সকলোৱে ভয়াৰ্ত হ’ব;
ঈশ্বৰে যি কার্য কৰিলে, সেই বিষয়ে চিন্তা কৰিব,
তেওঁলোকে ঈশ্বৰৰ কাৰ্যৰ বিষয়ে ঘোষণা কৰিব।
10 ধাৰ্মিক লোকে যিহোৱাত আনন্দিত হৈ তেওঁত আশ্ৰয় ল’ব;
ঈশ্বৰ ভক্ত সকলোৱে তেওঁৰ ন্যায়পৰায়ণতা দেখি অন্তৰৰে গৌৰৱ কৰিব।