98 অধ্যায়
এটি গীত।
1 তোমালোকে যিহোৱাৰ উদ্দেশ্যে নতুন গীত গোৱা;
কাৰণ তেওঁ অনেক আচৰিত কার্য কৰিলে;
তেওঁৰ সোঁ হাত আৰু তেওঁৰ পবিত্ৰ বাহুৱে
আমাক জয়ী কৰিলে।
2 যিহোৱাই তেওঁৰ পৰিত্ৰাণৰ কথা জনালে;
তেওঁ জাতি সমূহৰ দৃষ্টি গোচৰত নিজৰ ধাৰ্মিকতা মুকলিকৈ প্ৰকাশ কৰিলে।
3 ইস্ৰায়েল বংশৰ কাৰণে তেওঁৰ অটল প্রেম আৰু বিশ্বস্ততাৰ কথা তেওঁ সোঁৱৰণ কৰিলে;
পৃথিৱীৰ সকলো প্রান্তই আমাৰ ঈশ্বৰৰ জয় দেখা পাব।
4 হে সমুদায় পৃথিৱী, যিহোৱাৰ উদ্দেশ্যে আনন্দ-ধ্বনি কৰা;
উচ্চ ধ্বনিৰে আনন্দ গান কৰা, প্ৰশংসাৰ গীত গোৱা।
5 বীণা বজাই যিহোৱাৰ প্ৰশংসাৰ গীত গোৱা,
বীণা বজাই সুন্দৰ সুৰেৰে যিহোৱাৰ প্ৰশংসাৰ গীত গোৱা।
6 তূৰী বজাই শিঙা বাদ্যৰে সৈতে ৰজা যিহোৱাৰ আগত আনন্দ ধ্বনি কৰা।
7 সমুদ্ৰ আৰু তাৰ সকলোৱেই গৰ্জ্জন কৰক;
জগত আৰু তাত বাস কৰা সকলোৱে গৰ্জ্জন কৰক।
8 নদীবোৰে হাত-তালি দিয়ক;
পর্বতবোৰে একেলগে আনন্দ গান কৰক,
9 যিহোৱাৰ সন্মুখতে তেনে কৰক;
কিয়নো তেওঁ আহি আছে;
পৃথিৱীৰ বিচাৰ কৰিবলৈ তেওঁ আহি আছে।
তেওঁ ধাৰ্মিকতাৰে জগতৰ বিচাৰ কৰিব;
নিজ ন্যায়েৰে জাতি সমূহৰ বিচাৰ কৰিব।