134 অধ্যায়
যাত্ৰাৰ সঙ্গীত
1 হে যিহোৱাৰ দাসবোৰ,
তোমালোকৰ যিসকলে যিহোৱাৰ গৃহত ৰাতি থিয় হৈ তেওঁৰ পৰিচর্যা কৰি থাকা,
তোমালোকে যিহোৱাৰ ধন্যবাদ কৰা।
2 তোমালোকে পবিত্ৰ স্থানৰ ফাললৈ নিজৰ নিজৰ হাত তুলি যিহোৱাৰ ধন্যবাদ কৰা।
3 যি জনাই আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে, সেই যিহোৱাই চিয়োনৰ পৰা তোমাক আশীৰ্ব্বাদ কৰক।