137 অধ্যায়
1 যেতিয়া আমাৰ চিয়োনলৈ মনত পৰিছিল,
তেতিয়া বাবিলৰ নদীবিলাকৰ তীৰত বহি আমি কান্দিছিলোঁ।
2 সেই ঠাইৰ মাজত থকা বাইচি গছত, আমি আমাৰ বীণাবোৰ আৰি থৈছিলোঁ।
3 কিয়নো তাত আমাক বন্দী কৰি নিয়াসকলে আমাক গান গাবলৈ কৈছিল,
সেই উপদ্রৱকাৰীবোৰে আমাৰ পৰা আনন্দৰ গান শুনিবলৈ বিচাৰিছিল;
তেওঁলোকে কৈছিল, “আমাৰ আগত চিয়োনৰ এটি গীত গোৱা।”
4 আমি কেনেকৈ বিদেশী ভূমিত যিহোৱাৰ গীত-গান কৰিম?
5 হে যিৰূচালেম, মই যদি তোমাক পাহৰোঁ,
তেন্তে মোৰ সোঁ হাতৰ দক্ষতা যেন নিজে অকামিলা হৈ যায়।* মোৰ সোঁ হাতৰ বীণা বজোৱা দক্ষতা যেন নিজে নিজে হেৰাই যায়।
6 যদি মই তোমাক সোঁৱৰণ নকৰোঁ,
যদি যিৰূচালেমক মোৰ সবাতোকৈ বেচি আনন্দৰ বিষয় বুলি নাভাৱো,
তেতিয়া মোৰ জিভা তালুত লাগি ধৰক।† তেতিয়া মই পুনৰ গান গাব নোৱাৰা হওঁ।
7 হে যিহোৱা, যিৰূচালেমৰ ধ্বংসৰ দিনা ইদোমীয়াবোৰে যি কৰিছিল
তাক তেওঁলোকৰ বিৰুদ্ধে সোঁৱৰণ কৰা।
তেওঁলোকে কৈছিল, “উচ্ছেদ কৰা! যিৰূচালেমক উচ্ছেদ কৰা,
একেবাৰে ইয়াৰ ভেঁটি পর্যন্ত উচ্ছেদ কৰা।”
8 হে বাবিল কন্যা, তোমাক বিনাশ কৰা হ’ব;
তুমি আমাৰ প্রতি যেনে ৰূপে ব্যৱহাৰ কৰিলা,
ধন্য সেইজন, যিজনে তোমাকো তেনে ৰূপে প্ৰতিফল দিব।
9 ধন্য সেইজন, যি জনে তোমাৰ শিশুসকলক ধৰি শিলত আছাৰিব।
*137 অধ্যায়:5 মোৰ সোঁ হাতৰ বীণা বজোৱা দক্ষতা যেন নিজে নিজে হেৰাই যায়।
†137 অধ্যায়:6 তেতিয়া মই পুনৰ গান গাব নোৱাৰা হওঁ।