গীত. 3. হে যিহোৱা চোৱা, মোৰ শত্রুৰ সংখ্যা কিমান বাঢ়িছে! মোৰ বিৰুদ্ধে অনেকেই উঠিছে! অনেকে মোক কৈছে, “ঈশ্বৰে তোমাক সহায় নকৰে।” (চেলা) কিন্তু, হে যিহোৱা, তুমিয়েই মোৰ চাৰিওফালে ঢাল হৈ আছা; তুমিয়েই মোৰ গৌৰৱ; তুমি মোৰ মূৰ উর্দ্ধত ৰাখিছা। মই চিঞঁৰি চিঞঁৰি যিহোৱাক মাতো; তাতে তেওঁ মোক তেওঁৰ পবিত্ৰ পৰ্ব্বতৰ পৰা উত্তৰ দিয়ে। (চেলা) মই শুই পৰিলো আৰু টোপনি গলোঁ; পুনৰ সাৰ পালোঁ; কিয়নো যিহোৱাই মোক ৰক্ষা কৰে। মোৰ বিৰুদ্ধে মোৰ চাৰিওফালে হাজাৰ হাজাৰ লোক সজ্জিত হৈ আছে, কিন্তু মই তেওঁলোকলৈ ভয় নকৰোঁ। হে যিহোৱা উঠি আহাঁ! হে মোৰ ঈশ্বৰ, মোক উদ্ধাৰ কৰা; তুমি মোৰ শত্রুবোৰৰ গালত আঘাত কৰা; দুষ্টবোৰৰ দাঁত ভাঁঙি পেলোৱা। পৰিত্ৰাণ যিহোৱাতে আছে; তোমাৰ লোকসকলৰ ওপৰত তোমাৰ আশীৰ্ব্বাদ নামি আহঁক। (চেলা)