গীত. 77. মই উচ্চ স্বৰেৰে ঈশ্বৰৰ আগত কাতৰোক্তি কৰিম; মই ঈশ্বৰৰ ওচৰত উচ্চ স্বৰেৰে কাতৰোক্তি কৰিম মোৰ ঈশ্বৰে মোৰ কথা শুনিব। সঙ্কটৰ সময়ত মই যিহোৱাক বিচাৰিলো; গোটেই ৰাতি মোৰ হাত দুখন ঈশ্বৰৰ ফালে আগবঢ়াই মই প্রার্থনা কৰিলোঁ; মই ক্লান্ত হৈ নপৰো। মোৰ প্রাণে শান্ত্বনা পোৱা নাছিল। মই যেতিয়া ঈশ্বৰক চিন্তা কৰোঁ, তেতিয়া ক্রন্দন কৰোঁ; মই মনতে চিন্তা কৰোঁ আৰু মোৰ প্রাণ নিৰাশ হৈ পৰে। চেলা তুমিয়েই টোপনি যোৱাৰ পৰা মোৰ চকুৰ পিৰিকতিক মেলি ৰাখিলা; মই অতিশয় যাতনাত আছিলোঁ আৰু সেয়ে কথাও কব পৰা নাছিলো। মই অতীতৰ কথাবোৰ চিন্তা কৰিছিলোঁ; অনেক অনেক বছৰৰ আগৰ কথা মই চিন্তা কৰিছিলোঁ। ৰাতিৰ সময়ত মই গোৱা গীতবোৰৰ বিষয়ে মোৰ মনত পৰে; ৰাতি মই মোৰ হৃদয়ত গভীৰ ভাৱে চিন্তা কৰিছিলোঁ; মই মনতে চিন্তা কৰোঁ আৰু মোৰ প্রাণে যি ঘটিল তাক বুজিবলৈ চেষ্টা কৰে; “যিহোৱাই মোক চিৰকালৰ বাবে ত্যাগ কৰিব নেকি? তেওঁ মোক পুনৰ কেতিয়াও দয়া নকৰিব নেকি? তেওঁৰ গভীৰ প্রেম চিৰদিনৰ কাৰণে শেষ হৈ গ’ল নেকি? তেওঁৰ প্ৰতিজ্ঞাবোৰো চিৰদিনৰ বাবে বিফল হৈ গ’ল নেকি? ঈশ্বৰে কৃপা কৰিবলৈ পাহৰি গ’ল নেকি? তেওঁ খঙতে নিজৰ মমতাকো বন্ধ কৰি দিলে নেকি? চেলা মই কলোঁ, “মোৰ এইটোৱে দুখ যে সৰ্ব্বোপৰি জনাৰ সোঁ হাত সলনি হৈছে।” যিহোৱাই কৰা সকলো কাৰ্যৰ কথা মই সোঁৱৰিম; পূর্ব কালত তুমি কৰা আচৰিত কৰ্মবোৰ মই সোঁৱৰণ কৰিম। তোমাৰ সকলো কাৰ্যৰ বিষয়ে মই ধ্যান কৰিম; তোমাৰ মহৎ কার্যবোৰ গভীৰ ভাৱে চিন্তা কৰিম। হে ঈশ্বৰ, তোমাৰ পথ পবিত্ৰ; আমাৰ ঈশ্বৰৰ তুল্য জানো কোনো মহান ঈশ্বৰ আছে? তুমিয়েই সেই আচৰিত কৰ্ম কৰোঁতা ঈশ্বৰ; সকলো জাতিৰ মাজত তুমি তোমাৰ পৰাক্ৰমৰ পৰিচয় দিছা। তুমি যাকোব আৰু যোচেফৰ বংশৰ সন্তান সকলক তোমাৰ শক্তিশালী হাতৰ বাহুৰে মুক্ত কৰিলা। চেলা হে ঈশ্বৰ, সমুদ্রৰ জল সমূহে তোমাক দেখিলে; জল সমূহে তোমাক দেখি ভয় খালে; তাৰ গভীৰতা পর্যন্ত কঁপি উঠিল। মেঘে জলৰাশিক তললৈ ঢালি দিলে; আকাশত বজ্রই গৰ্জ্জন কৰিলে; তোমাৰ বিদ্যুতৰ কাঁড়বোৰ ইফালে সিফালে চমকিব ধৰিলে। বা’মাৰলী বতাহত তোমাৰ বজ্ৰৰ ধ্বনি শুনা গ’ল; তোমাৰ বিজুলিৰ চমকে পৃথিৱী আলোকময় কৰিলে; পৃথিৱী কঁপি উঠিল আৰু জোকাৰ খালে। সমুদ্ৰৰ মাজত তোমাৰ পথ আছিল; মহাজলৰাশিৰ মাজত তোমাৰ বাট আছিল; কিন্তু তোমাৰ ভৰিৰ চিহ্ন তাত দেখা নগল। মোচি আৰু হাৰোণৰ হতুৱাই মেৰ-ছাগৰ জাকৰ দৰে তুমি তোমাৰ লোকসকলক চলাই লৈ গৈছিলা।