গীত. 99. যিহোৱাই ৰজা; জাতি সমূহ কম্পিত হওঁক। তেওঁ কৰূবৰ ওপৰত সিংহাসনত বহি আছে; পৃথিৱী কঁপি উঠক। চিয়োনত যিহোৱা মহান; সমুদায় জাতিৰ উর্দ্ধত তেওঁক উন্নীত কৰা হ’ল। জাতিবোৰে তেওঁৰ মহৎ আৰু ভয়াবহ নামৰ প্ৰশংসা কৰক; তেওঁ পবিত্ৰ। শক্তিশালী ৰজাই ন্যায় ভাল পায়; তুমিয়েই ন্যায়বিচাৰ স্থাপন কৰিলা; তুমিয়েই যাকোবৰ বংশৰ মাজত ন্যায় বিচাৰ আৰু ধাৰ্মিকতা সাধন কৰিলা। আমাৰ ঈশ্বৰ যিহোৱাৰ উচ্চ প্রশংসা কীৰ্ত্তন কৰা, তেওঁৰ ভৰিপীৰা সন্মুখত প্ৰণিপাত কৰা; তেওঁ পবিত্ৰ। তেওঁৰ পুৰোহিতসকলৰ মাজৰ মোচি আৰু হাৰোণ, আৰু প্ৰার্থনা কৰা লোকসকলৰ মাজৰ চমূৱেলে প্ৰাৰ্থনা কৰাৰ পাছত তেওঁ উত্তৰ দিছিল। তেওঁ মেঘ স্তম্ভৰ মাজৰ পৰা তেওঁলোকক কথা কৈছিল; তেওঁ দিয়া আজ্ঞা আৰু বিধিবোৰ তেওঁলোকে পালন কৰিছিল। হে আমাৰ ঈশ্বৰ যিহোৱা, তুমি তেওঁলোকৰ প্রার্থনাৰ উত্তৰ দিছিলা; তুমি তেওঁলোকলৈ এজন ক্ষমাৱান ঈশ্বৰ আছিলা, তথাপিও তেওঁলোকৰ ভুল কর্মৰ প্রতিফল দিছিলা। তোমালোকে আমাৰ ঈশ্বৰ যিহোৱাৰ গৌৰৱ কীৰ্ত্তন কৰা, তেওঁৰ পবিত্ৰ পৰ্ব্বত অভিমুখে প্ৰণিপাত কৰা: কিয়নো আমাৰ ঈশ্বৰ যিহোৱা পবিত্ৰ।