গীত. 123. হে স্বৰ্গৰ সিংহাসনত থাকোঁতা জনা, মই তোমাৰ ফালেই মোৰ চকু তুলি চাই থাকোঁ। গৰাকীৰ হাতলৈ যেনেকৈ দাসবোৰৰ চকু থাকে, আৰু দাসীৰ চকু যেনেকৈ গৰাকীয়ণীৰ হাতৰ ফালে থাকে, তেনেকৈ আমাক কৃপা নকৰা পর্যন্ত আমাৰ চকুৱে আমাৰ ঈশ্বৰ যিহোৱালৈ চাই থাকে। আমাক কৃপা কৰা, হে যিহোৱা, আমাক কৃপা কৰা; কিয়নো আমি লোকসকলৰ তুচ্ছ-তাচ্ছিল্যত অধিককৈ পোঁত গ’লো। আমাৰ প্রাণে বহন কৰিব পৰাতকৈ লোকসকলৰ বিদ্রূপ আৰু অহঙ্কাৰীবোৰৰ অপমান অধিক হ’ল।