84 অধ্যায়
প্ৰধান বাদ্যকৰৰ নিমিত্তে: গিত্তীৎ সুৰত গাবলগীয়া কোৰহৰ বংশৰ ৰচিত গীত।
1 হে বাহিনীসকলৰ যিহোৱা, তোমাৰ নিবাস গৃহ কেনে মনোৰম!
2 যিহোৱাৰ চোতাল কেইখনত সোমাবলৈ মোৰ প্রাণে আকুল হাবিয়াহ কৰিছে; অত্যন্ত উত্তেজিত হৈছে।
জীৱন্ত ঈশ্বৰৰ কাৰণে মোৰ দেহ আৰু মনে আনন্দ ধ্বনি কৰিছে।
3 হে বাহিনীসকলৰ যিহোৱা, মোৰ ৰজা আৰু মোৰ ঈশ্বৰ, তোমাৰ বেদীবোৰৰ ওচৰতে,
ঘৰ-চিৰিকা চৰায়ে নিজৰ অর্থে ঘৰ বিচাৰি পাইছে,
তেলটুপিয়েও তাইৰ পোৱালি ৰাখিবলৈ নিজৰ অর্থে বাঁহ বান্ধিছে।
4 ধন্য সেইসকল, যিসকলে তোমাৰ গৃহত বাস কৰিছে;
তেওঁলোকে নিতৌ তোমাৰ প্ৰশংসা কৰিছে। (চেলা)
5 ধন্য সেইসকল, যি সকলে তোমাতে শক্তি পাইছে,
যিসকলৰ অন্তৰত চিয়োনলৈ যোৱা ৰাজপথ আছে।
6 শুকান বাকা উপত্যকাৰ মাজেদি যাওঁতে তেওঁলোকে সেই ঠাইক জুৰিৰ ঠাই কৰি তোলে;
প্রথম বৰষুণে পুখুৰীবোৰ পানীৰে উপচাই দিয়ে।
7 যোৱাৰ পথত তেওঁলোকে শক্তিৰ উপৰি শক্তি পায়;
তেওঁলোক প্ৰত্যেকে চিয়োনত দেৱতাবোৰৰ ঈশ্বৰৰ সন্মুখত গৈ উপস্থিত হয়।
8 হে বাহিনীসকলৰ ঈশ্বৰ যিহোৱা, মোৰ প্ৰাৰ্থনা শুনা;
হে যাকোবৰ ঈশ্বৰ, মোৰ কথা শুনা। (চেলা)
9 হে ঈশ্বৰ, আমাৰ ঢাললৈ তুমি দৃষ্টিপাত কৰা;
তোমাৰ এই অভিষিক্ত ৰজাৰ মুখলৈ চোৱা।
10 কিয়নো আন ঠাইত হাজাৰ দিন কটোৱাতকৈ তোমাৰ চোতালকেইখনত এদিন থকাই অধিক উত্তম;
দুষ্টতাৰ তম্বুত বাস কৰাতকৈ, বৰং মই ঈশ্বৰৰ গৃহৰ দুৱৰী হৈ থকাই অধিক উত্তম।
11 কিয়নো ঈশ্বৰ যিহোৱা সূৰ্য আৰু ঢাল স্বৰূপ;
তেওঁ অনুগ্ৰহ আৰু গৌৰৱ দান কৰে;
যিসকলে সৎ পথত চলে, তেওঁলোকক কোনো উত্তম বস্তু দিবলৈ তেওঁ অস্বীকাৰ নকৰে।
12 হে বাহিনীসকলৰ যিহোৱা, তোমাৰ ওপৰত নির্ভৰ কৰা লোক ধন্য।