85 অধ্যায়
প্ৰধান বাদ্যকৰৰ নিমিত্তে: কোৰহৰ বংশৰ ৰচিত গীত।
1 হে যিহোৱা, তুমি তোমাৰ দেশৰ প্রতি দয়া দেখুৱালা।
তুমি যাকোবৰ ভৱিষ্যত পুনৰ স্থাপন কৰিলা।
2 তোমাৰ লোকসকলৰ অপৰাধ তুমি ক্ষমা কৰিলা;
তুমি তেওঁলোকৰ সকলো পাপ ঢাকিলা। (চেলা)
3 তোমাৰ সকলো ক্রোধ তুমি দূৰ কৰি দিলা আৰু তোমাৰ প্ৰচণ্ড কোপৰ পৰা তুমি ঘূৰি আহিলা।
4 হে আমাৰ পৰিত্ৰাণৰ ঈশ্বৰ, তুমি আমাক পুনৰ উদ্ধাৰ কৰা;
আমাৰ প্রতি থকা তোমাৰ ঘৃণামিশ্রিত ক্ৰোধ দূৰ কৰা।
5 তুমি চিৰকালেই আমাৰ ওপৰত ক্ৰোধ কৰি থাকিবা নেকি?
সৰ্ব্ব পুৰুষলৈকে তুমি তোমাৰ ক্ৰোধ ধৰি ৰাখিবা নেকি?
6 তোমাৰ লোকসকলে যাতে তোমাত আনন্দ কৰিব পাৰে,
তাৰবাবে তুমি জানো আমাক পুণৰায় জাগৰিত নকৰিবা?
7 হে যিহোৱা, তোমাৰ দৃঢ় প্রেম তুমি আমাক দেখুউৱা;
তোমাৰ পৰিত্ৰাণ আমাক দান কৰা।
8 ঈশ্বৰ যিহোৱাই যিহকে ক’ব, মই তাকেই শুনিম;
কিয়নো তেওঁ নিজৰ লোকসকলক আৰু নিজৰ বিশ্বাসী অনুগামীসকলক শান্তিৰ কথা ক’ব,
যেন সেই লোকসকল পুনৰ মুর্খতাৰ ফালে ঘূৰি নাযায়।
9 তেওঁক ভয় কৰা সকললৈ স্বৰূপেই তেওঁৰ পৰিত্ৰাণৰ সময় তেওঁলোকৰ বাবে সন্নিকট;
তাতে আমাৰ দেশত তেওঁৰ মহিমাই বিৰাজ কৰিব।
10 গভীৰ প্রেম আৰু বিশ্ৱস্ততাৰ মিলন ঘটিব;
ধাৰ্মিকতা আৰু শান্তিয়ে পৰস্পৰে চুম্বন কৰিব।
11 দেশৰ ভূমিৰ পৰা বিশ্ৱস্ততাৰ গজালি ওলাব;
স্বৰ্গৰ পৰা ধাৰ্মিকতাই তললৈ দৃষ্টি কৰিব।
12 যি যি উত্তম, যিহোৱাই নিশ্চয়ে তাক দান কৰিব।
আমাৰ দেশে নিজৰ শস্য উৎপন্ন কৰিব।
13 ধাৰ্মিকতা যিহোৱাৰ আগে আগে চলিব;
তেওঁৰ খোজৰ চিহ্নত ধার্মিকতাই এটি পথ প্রস্তুত কৰিব।